পৃষ্ঠা:তীৰ্থ-যাত্ৰী.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তীৰ্থ-যাত্ৰী

80 মনে মনে চাই চাই ক’ত সুখ পাওঁ নিদিলো তোমাক জানিবলৈ, অন্তৰত গঢ়ি লৈ সোণৰ প্ৰতিমা পুজিছিলো মুখে মত্ত হৈ আসক্তি বিহীন মোৰ পৱিত্ৰ প্ৰেমৰ নাছিল যে প্ৰতিদান আশ তোমাৰ হাঁহিত মোৰ প্ৰাণৰ পিয়াহ গুচিছিল, নাছিল হেঁপাহ। ৰাতিপুৱা পখীবোৰে সুমধুৰ গায় তাতে শুনে৷ তোমাৰ মাতটি, ফুলনিত ফুলি থাকে লাহৰী গোলাপ তাতে দেখে৷ তোমাৰ ৰূপটি। পৰ্ব্বতৰ জুৰি এটি কুল কুল, কই কই যায় তোমাৰ কথাটি নীলিমাত সুশীতল ৰূপহী জোনায়ে পৰকাশে তোমাৰ আভাটি। শুকান হৃদয় মোৰ মৰুভূমি যেন তোমাৰ ছাঞাটি পৰি তাত, স্বৰ্গীয় নন্দন বন কৰিলে হুজন সম দেৱবাল৷ তোমাৰ কৃপাত। তীৰ্থ-যাত্ৰী