সমললৈ যাওক

পৃষ্ঠা:তীৰ্থ-যাত্ৰী.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
তীৰ্থ-যাত্ৰী
৩৯
 
যিদিন৷ প্ৰথমে তুমি ছাত্ৰীৰূপে মোৰ

 সোমালাহি শিক্ষাৰ আলয়,
মনত আছেনে দেবী, আজি সেই কথা
 নাছিল ভাৱৰ বিনিময়।

(তুমি) স্বভাৱ চপল৷ ক্ষুদ্ৰ দেৱবালা যেন

 হাঁহি মাতি নাচি ফুৰিছিলা

(মই) আদহীয়৷ গুৰুদেৱ অতি যতনেৰে

 শিকালো জ্ঞানৰ কত ফলা।
অলপ দিনতে পাছে দেখিলে৷ তোমাৰ
 কি সৌন্দৰ্য্য নৰ জগতত,
অপূৰ্ব্ব অমূল্য জ্যোতি স্নেহৰ ভঁৰাল
 জিলিকিছে তোমাৰ দেহত।

লাহে লাহে মুগ্ধ হিয়৷ মন্ত্ৰ মুগ্ধ যেন

 আকৰ্ষিত হ'ল তোমালই
কত যত্ন, কত শ্ৰম, কৰিলোঁ কতনা
 নোৱাৰিলোঁ ঘূৰাবযে মই!
নজন৷ নুশুন৷ এটি আনন্দৰ ঢৌৱে
 হিয়া মোৰ দিলে ওপচাই।
জগত সংসাৰ জুৰি দেখিলো সুন্দৰ
 এনে সুখ আৰু ক'তো নাই।