পৃষ্ঠা:তীৰ্থ-যাত্ৰী.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তীৰ্থ-যাত্ৰী

তীৰ্থ-যাত্ৰী (তুমি) (মই) 8 যিদিন৷ প্ৰথমে তুমি ছাত্ৰীৰূপে মোৰ সোমালাহি শিক্ষাৰ আলয়, মনত আছেনে দেবী, আজি সেই কথা নাছিল ভাৱৰ বিনিময়। স্বভাৱ চপল৷ ক্ষুদ্ৰ দেৱবাল। যেন হাঁহি মাতি নাচি ফুৰিছিল৷ আদহীয়৷ গুৰুদেৱ অতি যতনেৰে শিকালে। জ্ঞানৰ কত ফলা। অলপ দিনতে পাছে দেখিলে৷ তোমাৰ কি সৌন্দৰ্য্য নৰ জগতত, অপূৰ্ব্ব অমূল্য জ্যোতি স্নেহৰ ভঁৰাল জিলিকিছে তোমাৰ দেহত। লাহে লাহে মুগ্ধ হিয়৷ মন্ত্ৰ মুগ্ধ যেন আকৰ্ষিত হ'ল তোমালই কত যত্ন, কত শ্ৰম, কৰিলে। কতন। নোৱাৰিলে। ঘূৰাবযে মই! নজন৷ নুশুন৷ এটি আনন্দৰ ঢৌৱে হিয়া মোৰ দিলে ওপচাই। জগত সংসাৰ জুৰি দেখিলো সুন্দৰ এনে সুখ আৰু ক'তো নাই।