সমললৈ যাওক

পৃষ্ঠা:তীৰ্থ-যাত্ৰী.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

তীৰ্থ-যাত্ৰী

—প্ৰেম পত্ৰ—

[বহু শতাব্দীৰ পূৰ্ব্বে ফৰাচী দেশৰ এজন ডাঙৰ মানুহৰ ছোৱালী এজনীৰ তেওঁৰ শিক্ষকৰ লগত গুপ্ত প্ৰণয় হয়। শিক্ষকজন অলপ তল শ্ৰেণীৰ মানুহ আছিল। এই কথা ব্যক্ত হ’লত ডাঙৰীয়াজনে আত্ম গৌৰৱত বৰ আঘাত পাই ছোৱালীজনীক এটা ‘কনভেণ্টত’ (Convent) বন্দী কৰি থ’লে আৰু শিক্ষকজনক মানুহ লগাই অস্ত্ৰাঘাত কৰাই বহুত অপমান কৰালে। ছোৱালীজনীয়ে আৰু এই জীৱনত বিয়া নকৰালে। বহুত দিন এইদৰে থকাৰ পাছত দুয়োৰে এবাৰ চিঠি পত্ৰ লিখা-লিখি হৈছিল। এই বিষয়ে ফৰাচী ভাষাত এটা বৰ সুন্দৰ কৱিত৷ আছে। লিখকে সেই গল্পটি লৈ স্বাধীনভাৱেৰে এই কৱিতাটি লিখিছে। —প্ৰকাশিকা ]

প্ৰিয়তমে! কি বুলিনো সম্বোধন কৰিম তোমাক

 কিবা ভাষা কৰিম আশ্ৰয়
মৰতীয়া ভাষা এনে কিবা আছে দেবী
 যাৰে মোৰ ভাৱ ব্যক্ত হয়,
মনুষ্য ভাষাৰে ভাৱ নোৱাৰোঁ বৰ্ণাব
 দেৱ ভাষা নাজানো যে তাক,
দেৱকন্যা শাপভ্ৰষ্ট৷ নাৰী ৰূপা তুমি
 কিবা কথা জনাম তোমাক,