এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
লাহে লাহে
এখোজ এখোজ কৰি খোজ বহুৱাই
পোৱাগৈ টিং পৰ্ব্বত
এভৰি এভৰি কৰি আগ বাঢ়ি বাঢ়ি
পোৱাগৈ দেশ দেশান্তৰ।
এডাল এডাল কৰি সূতা বৈ বৈ
বোৱা হয় দীঘল কাপোৰ
এটোপ এটোপ কৰি পানী গোট খাই
হয় শেষে গভীৰ সাগৰ।
একোটা একোটা কৰি আখৰ জোটাই
লেখা হয় বহু পুথি-পাঁজি
এডোপ এডোপ কৰি বাঢ়ি গৈ গৈ
দেখা পোৱা বৰগছ জুপি
এটি দুটি কৰি কথা ফুটি ফুটি আগে
আজি দেখা ক’ত সুপণ্ডিত
এষাৰ দুষাৰ কৈ বক্তৃতাৰ সোঁত
নৈ যেন হয় প্ৰৱাহিত।