এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০
তীৰ্থ-যাত্ৰী
কতোবা নিবিড় ঘন সৰু সৰু বন
নিলগত দেখি ভুঁই প্ৰায় ৷
সুন্দৰ দলিচা যেন থৈ দিছে পাৰি
শুৱনী প্রকৃতি শুবলৈ
শান্তিৰ আবাস ভূমি হিয়া জুৰণিয়া
পাই দুখ অশান্তি বিলই ।
হৰিণা-হৰিণী জুৰি থাকে সুখে তাত
নাই মানুহৰ কোলাহল ।
মনোহৰ ঘাঁহ-পাত মন সুখে খায়
নাই চিন্তা সুখত বিভোল।
নাই হিংসা দ্বেষ আৰু নাই কপটতা
দুষ্ট মানুহৰ কু-মন্ত্ৰণা
সৰল জীৱন তাৰ দিন বই যায়
প্ৰকৃতিৰ পোহনীয়া পোনা
কতোবা গহীন হাবি ঘোৰ ঘন বন
কঠোৰ স্বভাৱ অতি তাৰ
নানা জন্তু পৰিপূৰ্ণ হিংসুক ভীষণ
হাতী, মহ, বাঘ, বৰা, গড় ৷
কতোবা পুখুৰী আছে স্বচ্ছ পানী তাৰ
পক্ষী-মাছ কত বৰণীয়া ।
সুৱলা চাৰিওফালে প্ৰকৃতিৰ ক্ৰিয়া
গছে, ঘাহে, শ্যাম জেউতিয়া।