সমললৈ যাওক

পৃষ্ঠা:তীৰ্থ-যাত্ৰী.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০
তীৰ্থ-যাত্ৰী
 

কতোবা নিবিড় ঘন  সৰু সৰু বন
নিলগত দেখি ভুঁই প্ৰায় ৷
সুন্দৰ দলিচা যেন  থৈ দিছে পাৰি
শুৱনী প্রকৃতি শুবলৈ
শান্তিৰ আবাস ভূমি  হিয়া জুৰণিয়া
পাই দুখ অশান্তি বিলই ।
হৰিণা-হৰিণী জুৰি  থাকে সুখে তাত
নাই মানুহৰ কোলাহল ।
মনোহৰ ঘাঁহ-পাত  মন সুখে খায়
নাই চিন্তা সুখত বিভোল।
নাই হিংসা দ্বেষ আৰু  নাই কপটতা
দুষ্ট মানুহৰ কু-মন্ত্ৰণা
সৰল জীৱন তাৰ  দিন বই যায়
প্ৰকৃতিৰ পোহনীয়া পোনা
কতোবা গহীন হাবি  ঘোৰ ঘন বন
কঠোৰ স্বভাৱ অতি তাৰ
নানা জন্তু পৰিপূৰ্ণ  হিংসুক ভীষণ
হাতী, মহ, বাঘ, বৰা, গড় ৷
কতোবা পুখুৰী আছে  স্বচ্ছ পানী তাৰ
পক্ষী-মাছ কত বৰণীয়া ।
সুৱলা চাৰিওফালে  প্ৰকৃতিৰ ক্ৰিয়া
গছে, ঘাহে, শ্যাম জেউতিয়া।