পৃষ্ঠা:তীৰ্থ-যাত্ৰী.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তীৰ্থ-যাত্ৰী

তীৰ্থ-যাত্ৰী বছৰৰ পাছে যায় বছৰ বাগৰি তাৰ লগে কত ঘূৰে ঘটনা চকৰি দিন গৈ ৰাতি হ’ল জাৰ আহে জহ গ'ল সুখ-দুখে দেখা দি হাঁয় সকলোকে মাথোন নিদিলে সুখে দেখা মাত্ৰ মোকে। কলৈ যোৱা দিনমনি ক্ষন্তেক জিৰোৱা এটি সমিধান মোক দি থৈ যোৱ৷ তোমাৰ লগতে হায় ধৰায় পোহৰ যায় মনৰ পোহৰো মোৰ লগতে লুকায় নেজানো কি দৰে মোৰ ৰাতিটো পুৱায়। ~