পৃষ্ঠা:তীৰ্থ-যাত্ৰী.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তীৰ্থ-যাত্ৰী

ক্ৰীড়াশীল শিশু মুখ চাই বাৰে বাৰে পৰম ব্যথিত হৈ হুমুনিয়া ছাৰে। পৰম কৰুণাময়ী শোকৰ প্ৰতিমা জগতৰ সতী তীৰ্থ মূৰ্ত্তিমতি ক্ষমা দেখিলানে মাতৃ মোৰ অন্ত নাই চকুলোৰ অবিৰল বৈ আছে প্ৰেমৰ নিজৰা এটুপিয়ে যাৰ কৰে সুপৱিত্ৰ ধৰা। দেখিলানে গৃহলক্ষ্মী প্ৰণয়িনী মোৰ নিৰাশ অৱশ হিয়৷ শোক-দুখে ঘোৰ জাহ্নৱী, যমুন৷ প্ৰায় দুধাৰি চকুলো বয় ধৈৰ্য্য ধৰি নিজ কাজ কৰে ৰাতি দিন সুঁৱৰি ই অভাগাক সুখ শান্তিহীন। চকুৰে নমনি সীমা অপাৰ সাগৰ মিলিছে কোনোবা থলে লগত স্বৰ্গৰ সেই জোৰা ভেদ কৰি পখী এটি আহে উৰি পুৱা বেলি আকাশৰ গাত মিলখাই অনিমেষ নেত্ৰে তাকে থাকেঁ৷ চাই চাই। তীৰ্থ-যাত্ৰী