সমললৈ যাওক

পৃষ্ঠা:তীৰ্থ-যাত্ৰী.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

চিৰ প্ৰৱসুৱা

আহিলা সূৰুয দেৱ ভ্ৰমি ভূমণ্ডল
বহুদূৰ নাই আৰু পাবা অস্তাচল
তোমাৰ লগতে হায়
ধৰাৰ পোহৰ যায়
মনৰ পোহৰো মোৰ সবে মাৰ যায়,
নেজানো কি দৰে মোৰ ৰাতিটো পুৱায়
পুৱা বেলি আকাশত সহস্ৰ কিৰণ
উদি তুমি আলোময় কৰা ই ভুৱন
বগা মেঘ ডুখৰিত হৈ ৰশ্মি নিপতিত
কি মোহন সোণোৱালী ৰূপ সুশোভন
দেখুৱাই মোহি যায় মোৰ ই নয়ন।
পূবফালে এইদৰে মোৰ স্বদেশত
সদাই উদিত তুমি হোৱঁ৷ প্ৰাতসত
নিৰ্ম্মল নদীৰ সোঁত, বই যায় অবিৰত
পৰি সি সোঁতত ৰশ্মি কৰে তিৰ্ বিৰ্
ভাঙি যেন গঢ়ি উঠে সোণৰ মন্দিৰ
শীতল মৃদুল বাও একোছাটি বৈ
কি চঞ্চল কৰি যায় নদীৰ হৃদয়
ৰিপ, ৰিপ, লহৰীত
চক্‌মকি বিপৰীত
চকমক্‌ কৰি যেন সোণালী বিজুলি
চমকাই আকৌ উঠে চৌটি উজলি