সমললৈ যাওক

পৃষ্ঠা:তীৰ্থ-যাত্ৰী.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
তীৰ্থ-যাত্ৰী
১১
 

(৫)

শোভিছে ধৰণীখনি হাঁহিৰ ৰহন সানি
মধুৰ মাধুৰী বিলাই
কেতেকী কুলিয়ে কেনে সুকোমল সুৰ ধৰি
আৰতি আদৰণি গায়।
কেনে নীল। সৰগৰ কিবা আভা মনোহৰ
কেনে নীলা সুবিমল যমুনাৰ কলেৱৰ
মোহিনী টগৰ যুতি মালতী কেতেকী ফুটি
দশোদিশ গোন্ধত আকুল।
বই যায় মৰতত চেঁচা বাও মলয়াৰ
থৈ যায় হৃদয়ত সুখ স্মৃতি সুধাভাৰ
হিয়াৰ গোপন ভাষ৷, যত সুখ যত আশা
তোমাতে কৰিলে৷ সমৰ্পণ
ধৰি হিয়াৰ সঁফুৰ৷ ভৰি
জনমে জনমে
তোমালৈ সাঁচিলে৷ মৰম।