পৃষ্ঠা:তীৰ্থ-যাত্ৰী.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তীৰ্থ-যাত্ৰী

কৃষ্ণ লীলাৰ গীত (1) হাবিৰে তলিতে ফুলিলে ফুলে ঐ থাকে শুৰুষলৈ চাই নিজৰে মনতে নিজে ৰঙে চৰাই হিয়া ভৰি ভালে পায় পছিমৰ মেঘতে বেলি বুৰে গ'লে ফুলকে মাতোতা নাই সুৰুষৰ ছবিটি হিয়াতে সাৱটি 1 আপোন পাহৰি যায় (2) যমুনাৰে বালি জোনাকত ৰূপালী তাতে কেতেকীয়ে মাতে বান্ধৱ ন'হলে জীৱ বাজে হব অগনি জ্বলিব গাতে ইকুলে সিকুলে সকলো শুদা ঐ স্বৰগো নৰকো শুইন বান্ধৰ পাৱতে দেহা মই সঁপিলে৷ তাতে হৈয়ে যামে লীন