পৃষ্ঠা:তীৰ্থ-যাত্ৰী.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তীৰ্থ-যাত্ৰী

(৫) আহ্বান ডেকা-গাভৰুৰ দল বীৰ বীৰঙ্গনা দল নতুন তেজেৰে ৰাঙলী ৰূপহী কৰহি ধৰণী তল॥ খোজৰ ভৰত কঁপোক ধৰণী তৰুণ চকুত জলোক অগনি শত সহস্ৰ মৃত্যু নেওচি বল আগুৱাই ব’ল। যুগ-যুগান্ত পাৰ হৈ গ'ল মাতৃ অনাথ৷ তোৰ পৰ-পদাঘাত কতনে। সহিবি নপৰিল তাৰ ওৰ॥ বুকুত বাজোক বীণ অগনিৰ ৰুদ্ধ হিয়াৰ তপত ৰুধিৰ,

বৈ যাওক আজি অৰুণ বোলেৰে বোলাই ধৰণী তল॥