পৃষ্ঠা:তীৰ্থ-যাত্ৰী.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তীৰ্থ-যাত্ৰী

তাৰ্থ-যাত্ৰী শত সহস্ৰ নবীন পূজাৰী দুৱাৰত আছে ৰৈ। আই ঔ দুৱাৰত আছে ৰৈ ভক্তি কুসুমৰে নৈবেদ্য সজাই তৰুণ তেজেৰে কৰণি ৰঙাই মাতৃ মন্ত্ৰ জপিছে সঘনে পূজা মতলীয়া হৈ। আই ঔ পূজা মতলীয়া হৈ। salma পাৰ হৈ যায় আৰতিৰ বেলি হিয়াত ৰুধিৰ উঠিছে উথলি অধীৰ সন্তানে আই আই বুলি মাতিছে বিকল হৈ আই ঔ মাতিছে বিকল হৈ॥ আই ঔ ভাৰতী তোৰ যে গগণ তোৰ যে পৱন নদ-নদী-বন কৌটি সন্তানৰ মাতৃ সম্বোধন খলকি উঠিছে গৈ। আই ঔ খলকি উঠিছে গৈ। শোক যুগ আজি পাৰ হৈ যায় দুৱাৰ মোকল৷ ৰাণী মোৰ আই কোটি সন্তানৰ ৰক্ত অৰ্ঘ্যেৰে চৰণ পূজিব ঐ। আই ঔ চৰণ পূজিব ঐ॥