পৃষ্ঠা:তীৰ্থ-যাত্ৰী.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তীৰ্থ-যাত্ৰী

হাতত শিকলি দি, ডাঙৰ ডোলেৰে ককাল বান্ধিব কাৰাত থবগৈ নি। কাৰাৰ ৰক্ষক জনে, দাণ্ডাবেৰি দিব নিজান ফাটেক দণ্ড যত পাৰে মানে॥ সকলে৷ সহিম হেলে, আই ঔ তোৰ মুখখনি ভাবি “বন্দে মাতৰম্” বোলে॥ জয় ম৷ ভাৰতী আই, সন্তান তোৰ প্ৰেমত বিকল চৰণত দে ঠাই॥ গোৱ৷ ভাৰতৰ জয়, আকাশ পৃথিৱী বিয়পি বাজোক জয় ভাৰতৰ জয়॥ আই ঔ চেনেহী শুৱনী আই ঔ কেনেকৈ পূজিম তোক। মন্দিৰ দুৱাৰ ৰোধ কৰি আছে সমিধান দে ঐ মোক॥ তীৰ্থ-যাত্ৰী