সমললৈ যাওক

পৃষ্ঠা:তীৰ্থ-যাত্ৰী.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
তীৰ্থ-যাত্ৰী
 

মূৰ পাতি লৈ উৰি উৰি থাক
মূৰ যেন নোদোৱে তোৰ॥
স্বাধীন ভাৰত, স্বতন্ত্ৰ ভাৰত
বতাহত বাজে সুৰ।
ভাৰত সন্তান জীয়াই থাকোঁতে
ই সুৰ নপৰে ওৰ॥
কুমাৰী কাশ্মীৰ সদিয়া সিন্ধু
সুদূৰ লঙ্কা পুৰ,
ডঙ্কা উঠক স্বাধীন ভাৰত
উৰ ঔ লাহৰি উৰ॥