এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
জাতীয় সঙ্গীত
(১)
নীল আকাশত জোনৰ দৰে
ভাৰতৰ পতাকা উৰ।
প্ৰতি ঘৰে ঘৰে অতি পয়োভৰ
বিজয় নিচান উৰ॥
কোটি সন্তানৰ প্ৰেমৰ চানেকি
তিনি বৰণীয়া উৰ।
সহস্ৰ লাঞ্ছনা অপমান ঠেলি
বিজয় জয়ন্তী উৰ॥
তোৰ যে তলত আজি ভাৰতত
সন্তানৰ সমাবেশ।
কত অপমান কত অত্যাচাৰ
লাঞ্ছনাৰ নাই শেষ॥
তথাপি ওখত মূৰ্ত্ত স্বাধীনতা
ত্ৰিৰঙ্গ। লহৰি তোৰ।
উৰাই ৰাখিছ প্ৰাণ পণ কৰি
উৰ ঔ লাহৰি উৰ॥
শত বজ্ৰপাত মেঘৰ গাজনি
ধুমুহা বতাহ ঘোৰ।