পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/১৯৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


উপসংহাৰ।
⸻⸻

   কুঁৱৰী মৰাৰ পাছে ভ্ৰমি বহু গদাপাণি,
শেহত পলাই থাকে গাৰোনী (১) ঘৰত,
ডেৰ বছৰৰ প্ৰায় পাছত আকউ এক
হ’ল মহা হুলস্থূল আহোম ৰাজ্যত॥
এইটি সুযোগ পাই বন্দৰ ফুকনে (২) চাই
গদাক বিচাৰি আনি দিলে ৰাজ-পাট।
ভাগ্যলক্ষী সুপ্ৰসন্না আকউ গদাৰ হ’ল,
ৰাজলক্ষী বিৰাজিত আকউ গদাত॥
পঞ্চদশ বৰ্ষ পুনু ৰাজ্য-সুখ কৰি ভোগ।
সমৰ্পি আহোম-ৰাজ্য লাইৰ হাতত,
স্বৰ্গীহ’ল গদাপাণি (গদাধৰ সিংহ ৰজা )
ইংৰাজী ষোলশ ছয়ান্নবই সনত (৩)।

(১) গাৰোৱনী তিৰুতাৰ ঘৰত।
(২) বন্দৰ বৰ ফুকনে।
(৩) ইংৰাজী ১৬৯৬ সনত।