পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/১৬৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


১৫

   “পোহৰায় সূৰ্য্যে তাত নিদিয়ে উত্তাপ,
“সদাই পোহৰ, নাই অন্ধকাৰ তাত;
“সুগন্ধেৰে ভৰা নিতে বলিছে বতাহ,
“ৰাঙ্গলী বিজুলী আছে, নাই বজ্ৰপাত॥
“কান্দিব নালাগে তাত মায়াৰ বশত,
“ৰোগ শোক নাই তাত, নাই চিন্তা-দুখ,
“ক্ষুধা তৃষ্ণা নাই তাত, নাই টোপনিও,
“ভুগিব নালাগে তাত বান্ধৱৰ শোক॥
“দেখিবলৈ নাই তাত থিয়লা-খিয়ললি,
“পবিত্ৰ সুখেৰে ভৰা স্বৰগৰ মিল,
“নহয় সি ঠাই ঢকা মায়াৰ জালেৰে,
“বিষয়ৰ সূৰ্য্যে তাত নদহে শৰীল॥
“মই বৰ তুমি সক নাই এনে ভাব,
“ধনী দুখীয়াৰ তাত নাই একো ভিন,
“পাপী মাথোঁ সিঠাইত নোৱাৰে সোমাব,
“ধনী মানী দীন দুখী সকলো অচিন॥

( ১৩৫ )