পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/১৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

“কউদুখে কৰ্তকষ্টে; আজিনেকি তুমি, হায়!
“যোৱা এৰি অকলেই মাৰাক কন্দাই?
“মই প্ৰিয়ে! বহুদোষ কৰিলো তোমাক,
“সি দোষতে বাৰু তুমি এৰি গ’লা মোক;
“কি দোষ কৰিলে লায়ে (১) নজনা লেচায়ে (২)
“নিৰদয়া হই তুমি কিয় দিলা শোক?
“আপুতৰ পুত লাই লেচাই তোমাৰ
“কি দোষত গ’লা এৰি? পালা কি জগৰ”?
“আইতা আইতা” বুলি যদি কান্দে লাই,
“কিৰূপে ৰাখিম মই তাক নিচুকাই?
“উঠাঁ, প্ৰিয়ে! এৰি দিয়া দুখ অভিমান,
“কৰিলো বহুত দোষ, ক্ষমা কৰা মোক
“জুৰিছে ইমানে মোক, কৰিছো মিনতি

(১) লাই (২) লেচাই, এই দুইটি জয়মতী কুঁৰীৰ ল’ৰা। গদাধৰ সিংহৰ পাছত লাই কোঁৱৰে ৰূদ্ৰসিংহ নাম লই আহোম সিংহাসনত ৰজা হয়, লেচাই নামৰূপীয়া ৰজা হয়।