পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/১৬৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


“ইজন্মত আৰু মই নেদেখোঁ সিমুখ, হায়!
“উস্! প্ৰিয়ে!—জীৱন নৰয়॥
“প্ৰাণেশ্বৰি! প্ৰিয়তমা! গ’লানো কলই তুমি!
“আাছিল যে ওছৰতে মোৰ?
“কিনো তুমি দোষ পালা? কিয়নো এৰিলা মোক
“কিয় দিলা শোক দোৰঘোৰ?
“প্ৰিয়ে! চকুমেলি চোৱাঁ, কিয় মোক এৰি যোৱাঁ
“নিয়াঁ, প্ৰিয়ে! লগতে তোমাৰ!
“যাক, প্ৰিয়ে! নেদেখিলে দুৰ্ভগাৰ প্ৰাণ জ্বলে,
“ভালনে অকলে যোৱা তাৰ?


‘সাদৰী শাহুৰ মোৰ একেটী জীয়াৰী তুমি,
“দীনদুখুনীৰ তুমি একেটী ৰতন;
“তোমাৰ মৃত্যুৰ কথা শুনিলে মাৰাই আজি,
“আৰু, হায়! কি আশাত ধৰিব জীৱন?
“অকালন কালতেই পিতৃহীনা তুমি, প্ৰিয়ে!—
“বুকত সাবটি বৰ কৰিলে মাৰাই