পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/১৬৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


“নকৰিবা বেলি আৰু, প্ৰিয়ে! কথা কোৱা মোক,
“এৰি দিয়া অন্তৰৰ আজি সকলোটী দুখ॥
“তোমাক নমতা দেখি জ্বলিছে মোৰ পৰাণ
“কোৱাঁ এটী কথ। মোক, এৰাঁ, প্ৰিয়ে! অভিমান॥


“উস!⸻⸻⸻⸻⸻
উঠাঁ উঠাঁ, বোলো কাক? কাক মাতো ‘প্ৰিয়ে!’ বুলি?
“নাই আৰু সেই প্ৰিয়া এই সংসাৰত!
“শত্ৰুৰ হাতত পৰি অশেষ যাতনা ভুঞ্জি,
“শোকে তাপে অকালত এৰিলে জগত॥
“কপালৰে দোষে জানো শুঁহৰি কালতো, প্ৰিয়ে!
“নেদেখিলা সুখ-শান্তি আজন্ম দুখিনী!
“নামত কুঁৱৰী হ’লা ৰাজ—ভোগ নেদেখিলা,
“দুৰ্ভগা স্বামীত লাগি অৰণ্য বাসিনী॥


“কাক মাতোঁ প্ৰিয়ে, বুলি? প্ৰিয়তমা গুছি গ’ল
“একেবাৰে মোক এৰি থই!