পৃষ্ঠা:তাৰা.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৭৯
৭৯
তাৰা

চতুৰ্থ দৰ্শন বিক্ৰমজিতৰ গৰৰ সন্মুখ [ জয়, বিক্ৰম আৰু বিজয়সিংহ।] জয় – চাৰিওফালে হুলবুল। ঘোৰাৰ চেহেঁহনি, হাতীৰ নাকী মাৰাৰ শব্দ, জয়ী সৈন্যৰ আনন্দৰ কিৰিলি পৰাজিতৰ বিননি। বিক্ৰম-আহ ইয়াৰ পৰা পলাই যাওঁগৈ। বিজয়-পিতা, যদি বীৰত্ব আৰু সাহসৰ কাষৰ পৰাই পলাব লাগে তেন্তেনো এই জীৱনৰ মূল্য কি? জয়-- ইয়াত লুকাই থাকিলেই হব বা কি? যদি মোগল সৈন্যই আমাক পায়, সিহঁতে আমাক জয়পুৰৰ প্ৰজা বুলি হত্যা কৰিব। আনফালে যদি, ৰাজসৈন্যৰ হাতত পৰে। তেনেহলে অসভ্য ভীল দস্যু বুলি ততালিকে হত্যা কৰিব। এফালে জুই—আনফালে বানপানী। যদি মৃত্যুই ধ্ৰুৱ তেনেহলে আহক, জন্মভূমিৰ স্বাধীনতা ৰক্ষাতেই প্ৰাণ উছৰ্গা কৰে। বিক্ৰম--বাছাহঁত, আহ। আমি ঠৌ পৰ্বতৰ টি লৈ গৈ লুকাই থাকো। তাত আমাক কোনোৱে লগ নাপায়। ৰাজ-সৈন্যৰ লগত আমি লগ হব নোৱাৰো কাৰণ আযিয়েই ৰঘুপতিক হত্যা কৰিছে। বুলি জানিব পাৰিলে মৃত্যু নিশ্চয়। বিজয়--সেইটো কেতিয়াও সম্ভৱ নহয়। যেতিয়া সকলো বাজপুত বাৰে শত্ৰুৰ হাতৰ পৰা নিজৰ স্বাধীনতা ৰক্ষা কৰাত ব্যস্ত থাকিব তেতিয়া আমি কোন, আমিই ৰঘুপতিক হত্যা কৰিছেনে নাই এইবোৰ অনুসন্ধান কৰি কোনে সময় কটাব?