পৃষ্ঠা:তাৰা.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৮০
৮০
তাৰা

তাৰা ৭ মোক বিশেষতঃ ৰজাৰ ফালে বহুত ভীল সৈন্য আছে, সিহঁতৰ লগত মিলিলে আমাৰ কোনো ভয় নাই। বিক্ৰম – সৈন্যবোৰৰ ভিতৰত বহুতে ভালকৈ মোক চিনি পায়। চোৱা ইমান দিন হল তথাপি ৰঘুপতিক মই পাহৰা নাই। কেনেকৈ সৈন্যবোৰে পাহৰিব? মই নিৰ্বাসিত, চিনি পালেই মোৰ মৃত্যু নিশ্চয়। জয়--ইয়াত কাপুৰুষৰ দৰে লুকাই থকাতকৈ মোৰ মনেৰে মৃত্যু শত গুণে ভাল। আহক পিতা, যাওঁগৈ। আমা দুজনক কোনেও চিনি নাপায়--আপোনাৰো ডাঢ়ি চুলি পকিছে আৰু বিশেষতঃ আপোনাৰ কথা কোনেও ভাবি থকা নাই যে তৎক্ষণাৎ আপোনাক চিনি পাব। অথবা আপুনি ইয়াত থাকক, আমি দুয়ো ৰণলৈ যাওঁ। জীয়াই থাকিলে পুনৰায় আহিম। পিতা, বিদায় দিয়ক। বিজয় - আহক পিতা আৰু লুকাই থাকিব নোৱাৰে। কেতিয়াও ৰণ দেখা নাই, তাৰ কথা আপোনাৰ মুখতহে শুনিছো, এই বাৰ নিজ চকুৰে চাম। জয় –পিতা, আদেশ দিয়ক আমি ৰণলৈ যাওঁ। আপুনি নিৰ্বাসিত বিশেষতঃ দুৰ্বল বৃদ্ধ, ইয়াতে থাকক। আমি যুৱক, যুদ্ধ কৰাত পৈত। যদিও ইয়াত অসভ্য ভীলৰ দৰে আছে। তথাপি আমাৰ জন্ম জয়পুৰত। এই বিপদত মাতৃভূমিৰ স্বাধীনতা ৰক্ষা কৰাই আগাৰ কৰ্তব্য। পিতা, বিদায় দিয়ক। বিক্ৰম-বাৰু সেয়ে হওক। কিন্তু তোমালোকৰ লগতে ময়ো যায়। তোমালোকৰ সুখেই যোব সুখ। যদিও বুঢ়া হৈছে। তথাপি শৰীৰত শক্তি যথেষ্ট আছে, বলা আগবাঢ়া। [সকলোৰে প্ৰস্থান।] ঐক্যতান