পৃষ্ঠা:তাৰা.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৭৮
৭৮
তাৰা

৬৮ কিন্তু আইদেউৰ বিষয়ে তোৰ গাত লোণ খানি ছিটা দিম। চাওঁচোন তই কিমান মিছা কথা কব পাৰ। চন্দন-মহাৰাজ, মোৰ জীৱন আপোনাৰ হাতৰ মুঠত। মাৰিলেও মাৰিব পাৰে, ৰাখিলেও ৰাখিব পাৰে। হলে মই, একো নাজানো। কলৈ গল, কেতিয়া আহিব তাৰ একো ভূ নাপাওঁ। মন্ত্ৰী-যিদিনা তা আইদেউ ঘৰৰ পৰা নোহোৱা হয় সেইদিন। ইয়াক দেখা দেখা যেন মনত পৰে। ই বোধকৰে। কাকি দিয়া নাই সঁচাকেই কৈছে। ৰজা--বৰ বিপদৰ সময়। সেই বাবে এতিয়া তোক শাস্তি নিদিওঁ। কিন্তু জানিবি চন্দন! তোৰ ওপৰত মোৰ খং আছে। মন্ত্ৰী, আহ। এতিয়া এবাৰ সৈন্য পৰিদৰ্শন কৰোগৈ। [ৰজা আৰু মন্ত্ৰী প্ৰস্থান।] চন্দন: এজনৰ ওচৰত বিশ্বাসী হলে আনৰ ওচৰত অবিশ্বাসী হব লাগে মই আইদেউৰ ওচৰত বিশ্বাসী, কিন্তু ৰঘুপতি আৰু ৰজাৰ ওচৰত অবিশ্বাসী। আইদেউক হত্যা কৰাৰ বাতৰি দিয়াৰ পৰা পালিতৰ একো সংবাদ নাই। ৰঘুপতিৰৰ বাতৰি নাপাওঁ, ইপিনে আইদেউৰ পৰাও চিঠি নাপালো। কি জানি কিব। বিপদতে পৰিছে। এবাৰ দিল্লীলৈ গলে কিবা খবৰ পাব পাৰে। কিন্তু ৰাজ্যৰ চাৰিওফালে মোগল সৈন্য। বাহিৰ হোৱা অসম্ভৱ। তেনেহলে উপায়? আমাৰ নিচিনা মানুহে ভাবি চিন্তিয়েই বা কি কৰিম? ঈশ্বৰৰ যি ইচ্ছ। সেয়ে হক। [ প্ৰস্থান।]