ৰাণী— চন্দন, তই যেন আৰু এই সংসাৰত নাই। মই দিয়া ঔষধেই কাম কৰিছে। কিন্তু তাৰা কলৈ গল? হতাশ হৈ পলাই গল হবলা! ৰাজপুৰীৰ বাহিৰ হৈছে যেতিয়া মৃত্যু বা কলঙ্ক এবিধ নিশ্চয় হব। এবিধ হলেই মোৰ কাৰ্য্য সিদ্ধি। তেনেহলে মই যাকে ইচ্ছা তাকে ৰাজপাটত বহুৱাব পাৰোঁ।
[ ৰঘুপতিৰ প্ৰৱেশ] কি ৰঘুপতি?
ৰঘু— তাৰা যে পলাইছে ই নিশ্চয। যোৱা এতিয়া, মহাৰাজক শান্ত কৰাগৈ। খঙতে অস্থিৰ হৈছে, কোনেও কাষলৈ যাব নোৱাৰে।
ৰাণী— [ স্বগত ] ভাল, কালি প্ৰভাতৰ সূৰ্য্যই যেন এওঁকো পৃথিৱীত দেখা নাপায়। [ প্ৰস্থান। ]
ৰঘু— তাৰা দেখিবলৈ বৰ ধুনীয়া। সেই বাবে তাইক মই বৰ ভাল পাওঁ। ঘৃণাও কৰোঁ, কাৰণ তাই মোক ভাল নাপায় — আৰু ভাল পায় মোৰ প্ৰধান শত্ৰু ভিকহু পালিতক। এইক এবাৰ বিয়া কৰাব পৰাহেঁতেন এই ৰাজ্যৰ ৰাজ সুখ ভোগ কৰিব পাৰিলোহেঁতেন। কোন অ’ সেইটো চন্দন নেকি? হেৰ, তই তাত কি টোপোলা বান্ধিব লগিছ? সোণকালে মোৰ আগলৈ আহ, নহলে একে লাঠিয়ে তোৰ মুৰ ভাঙিম।
[ চন্দনৰ প্ৰবেশ।]
চন্দন— (কঁপি) দেউতা ঈশ্বৰ!
ৰঘু— তাৰা কত আছে ক। ওচৰলৈ আহ নহলে পেট ফালি নাড়ী-ভুৰু বাহিৰ কৰিম। পালিতৰ তালৈ গৈছে নেকি?
চন্দন— কেনেকৈনো তেওঁৰ ওচৰলৈ যাব? তেওঁ আছে দিল্লীত। তাৰানো কোন দিনাৰ পৰা নোহোৱা হৈছে? মই দুদিন ইয়াত নাছিলোঁ। আইদেউৰ আদেশ লৈ মোমাইদেউহঁতৰ তালৈ গৈছিলোঁ।