পঞ্চম দৰ্শন
ৰাজ কক্ষ
[ৰজা, ৰাণী, আৰু ৰঘুপতি। ]
ৰজা— ৰাণী, তোমালোকৰ উপদেশমতে যুদ্ধ কৰা হল। গুপ্তচৰৰ মুখে শুনিলো বোলে অলপতে মোগল সৈন্যই আমাৰ ৰাজ্যৰ সীমা পাব। আমিও প্ৰস্তুত। ৰাজ্যলৈ সোমোৱা বাটপথবোৰ সুৰক্ষিত কৰি থোৱা হৈছে। মুঠৰ ওপৰত আমাৰ যে জয় হব তাত কোন সন্দেহ নাই।
ৰাণী— ভৱানীৰ কৃপাত নিশ্চয় জয়ী হব।
ৰজা— ৰাণী, আজি দুদিন তাৰাক দেখা পোৱা নাই, তাইৰ কি হৈছে? সদায় পুৱা উঠিয়েই তাই মোৰ পদ-বন্দনা কৰে। আজি দুদিন হল দেখা নাই। তাই কিজানি আমাৰ ওপৰত খং কৰি ৰোহঘৰত পৰি আছে। মই তাইৰ কাষকৈ যাওঁ।
ৰাণী— মহাৰাজ পালিতৰ নিৰ্ব্বাসনৰ পৰা তাই সদায় অকলে অকলে থাকি ভাল পায়। কোনো ভয় নাই। সময়ৰ লগে তাই সকলো পাহৰিব। তাই নিচেই আজলী। তাই আহিলে যেন গালিশপনি নাপাৰে।
[ ৰজাৰ প্ৰস্থান। ]
ৰাণী— ৰঘুপতি, ৰজাৰ লগে লগে যা।
ৰঘু— আজি চন্দনকো দেখা পোৱা নাই।
ৰাণী— যা, তাক বিচাৰ গৈ।
ৰঘু— বাৰু। [প্ৰস্থান।]