পৃষ্ঠা:তাৰা.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫১
তাৰা

ৰঘু—যমৰ ঘৰলৈ নগলি কিয়? তই একোকে নাজান গোটেই প নী কেচুৱা। সকলো অনৰ্থৰ মূল তয়েই। দেউতা দেউতা বুলিলে নহব। কি জান ক, নহলে তোৰ মৃত্যু।

চদ্দন—তেনেহলে তেওঁৰ বিষয়ে মই কি জানো এইখন চিঠিতে সকলো আছে।

ৰঘু— চাওঁ দে, লাগিলে তাইৰ পাছে পাছে দিল্লীলৈ যাম। (চিঠি পঢ়ে।)

চন্দন— (স্বগত) যাবও পাৰিবি মৰিবও পাৰিবি। এইখন চিঠিত যি লিখা আছে তাৰে আইদেউৰ একো অনিষ্ট নহব।

ৰঘু—এইখন চিঠি সঁচা নে জাল?

চন্দন— সঁচা দেউতা।

ৰঘু— সঁচা? পালিতৰ আখৰ মই ভালকৈ চিনি পাওঁ।  [ চিঠি পঢ়ে।]

বাৰু চন্দন, তই মোৰ এটা কাম কৰি দিবিনে?

চন্দন— নকৰিলেতো আৰু উপায় নাই। ইস্ দেউতা আপোনৰ কামনো মই নকৰিম কিয়?

ৰঘু— বাৰু যা, পালিতৰ এযোৰ পোছাক লৈ আহ।

চন্দন— যি আদেশ।

[ প্ৰস্থান : ]

ৰঘু— ৰাজগড়— সিটো ভীল গাঁৱৰ ওচৰতে। ছিঃ ছিঃ! কথা এটা সুধিব পাহৰিলোঁ। বাৰু, এইবাৰ সুধিম। পালিতৰ তালৈ গৈ মই তোক তাৰাৰ আগতে হত্যা কৰিম। পালিত, তোৰ কাপোৰ পিন্ধিয়েই তোৰ তাৰাক, মই হৰণ কৰিম। তাই মোক যিমান কষ্ট আৰু অপমান দিছে তাৰ হোৰ তুলিম। তাইৰ আগতে তোক ছিৰিলা চিৰিলি কৰিম।

[ এযোৰ পোছাক লৈ চন্দনৰ প্ৰবেশ। ]

ৰঘু— এয়ে নেকি?