পৃষ্ঠা:তাৰা.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

আপুনি দিল্লীলৈ যাব। তাত সদায় পালিতৰ ওচৰত গুপ্ত ভাৱে থাকি তেওঁৰ সন্দেহৰ কাৰণ ভালকৈ জানি লব।

তাৰা— পালিতক চাই থাকিম! ইয়াৰ বাবে মই তিৰোতাৰ একমাত্ৰ অলঙ্কাৰ লাজকে বিসৰ্জন দিবলৈ প্ৰস্তুত আছোঁ।

চন্দন— এই জোলোঙাত মই উপযুক্ত সাজপাৰ আনিছো, তাকে পিন্ধক। ৰাজদূত আহিলে, তেওঁৰ ওচৰত বিনীত ভাবে উপস্থিত হৈ এটা চাকৰি প্ৰাৰ্থনা কৰিব।

তাৰা— চন্দন, তই মোক এই বিপদৰ পৰা উদ্ধাৰ কৰিলি। কেতিয়াবা যদি সুদিন হয় ইয়াৰ উপযুক্ত পুৰস্কাৰ পাবি।

চন্দন— আইদেউ, এতিয়া মই বিদায় মাগোঁ। একে সময়তে দুয়ো ৰাজপুৰীত উপস্থিত নাথাকিলে মোকে সন্দেহ কৰিব। মই আপোনাৰ লগত যাব নোৱাৰে, কাৰণ মই আপোনাৰ মঙ্গলৰ বাবেই ৰাজপুৰীত থকা উচিত। আইদেউ, এই টেমাটো লওক। এইটো মোক ৰাণীয়ে উপহাৰ দিছিল। ইয়াত বৰ ভাল ঔষধ এপালি আছে। যদি কেতিয়াবা অলপ অসুখ যেন পায় ইয়াৰে এপালি খালে বৰ ভাল পাব। সৌ জোপা গছৰ ছালৈ গৈ আপোনাৰ সাজপাৰ পিন্ধক। মই এতিয়া বিদায় হওঁ। আপোনাক ঈশ্বৰে সকলো বিপদৰ পৰা উদ্ধাৰ কৰিব।

[ প্ৰস্থান। ]

তাৰা— ময়ো যাওঁ।

[ প্ৰস্থান।]