পৃষ্ঠা:তাৰা.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
তাৰা

শত সহস্ৰ ৰাজপুত্ৰৰ প্ৰণয় উপেক্ষা কৰিছিল -যিজনে পিতাকৰো অবাধ্য হৈ তোমাক মনে মনে বৰিছিল, সেই তাৰা সাধাৰণ তিৰোতা নহয়। তেতিয়া জ্বলি পুৰি মৰিবা। কিন্তু প্ৰাণেশ্বৰ! কি কৰিম? উপায় নাই। তোমাৰ আদেশ সদায় শিৰোধাৰ্য্য। চন্দৱ, পলম নকৰ। মই সাজু আছোঁ।

চন্দন— আইদেউ, লাজ নিদিব। এই চিঠি পোৱাৰ পৰা মোৰ চকুৰ টোপনি আৰু মনৰ শান্তিয়ে চিৰকালৰ নিমিত্তে বিদায় লৈছে।

তাৰা— মোক বধি টোপনি আৰু শান্তি লাভ কৰগৈ।

চন্দন—অসম্ভৱ। প্ৰভূৰ আদেশত অনায়াসে জ্বল জুইত জাপ দিব পাৰোঁ। বিষধৰ সাপ গাত মেৰিয়াই লব পাৰোঁ। কিন্তু, ভৃত্য হলেও নাৰী হত্যা ৰাজপুত্ৰক নোশোভে।

তাৰা— তেন্তে মিছাতে ইমান দূৰ কিয় আনিলি?

চন্দন— আপুনি আৰু ঘুৰি যোৱাৰ কোনো আৱশ্যক নাই।

তাৰা— অৱশ্যে তই মোক হত্যা কৰিলে উভতি যাবৰ কোনো কাৰণ নহব

চন্দন—অধীৰ নহব। আগেয়ে মোৰ অভিপ্ৰায় শুনক। মোৰ মনেৰে নিশ্চয় কোনোবা ধূৰ্ত্ত মোগলে তেওঁৰ মনত সন্দেহ জন্মাইছে।

তাৰা-নহয়, কোনোবা সুন্দৰী মোগল কঠাইহে।

চন্দন—তেনে হব নোৱাৰে। পালিতক মই ভালকৈ জানো। আপোনাৰ গাৰ ৰিহাখনি কুকুৰৰ তেজেৰে ৰাঙলী কৰি তেওঁলৈ দি পঠাম। তেঁও ভাবিব যে মই আপোনাক হত্যা কৰিছোঁ - কাৰণ তেওঁ চিন খুজিছে।

তাৰা—ইয়াত মই কি কৰিম? কত থাকিম?

চন্দন— মোগল দূত কালি পুৱাতে এইখিনি পাবহি, তেওঁৰ লগত