পৃষ্ঠা:তাৰা.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৫৪
৫৪
তাৰা

63 তাৰ হাহাকাৰ কৰি ফুৰে! কত বুঢ়া যাক-বাপেকে পুত্ৰকন্যা হেৰুৱাই নিৰুপায় হৈ চকুলো টুকি টুকি অনাহাৰে প্ৰাণ এৰে, তাৰ সীমা-সংখ্যা নাই। কি নিষ্ঠুৰতা! এনে নৃসিংহ ঘটনা। ভাবিলেও বুকু কঁপি উঠে। আৰু শুনা, ৰাজ-অনুগ্ৰহ সি কচুপাতৰ পানীৰ দৰে চঞ্চল। এদিন ময়ো ৰজাৰ প্ৰিয়পাত্ৰ আছিলো, মোৰ বীৰত্বৰ কথা প্ৰজাসকলৰ মুখে মুখে; মই যেন ফলফুলেৰে ভৰা এজুপি গছহে। কিন্তু এদিনতে সকলো শেষ হল। এৰাতিৰ ভিতৰতে ধুমুহা বতাহে উভালি পেলোৱা গছব নৰে বাগৰি পৰিলো। এদিনতে সকলোৱে পাহৰিলে। এদিন এনে ৰজাৰ আগত লগালে মই বিশ্বাসঘাতক, মই ৰজাৰ বিৰুদ্ধে মোগলৰ লগত বড়বন্ধ কৰিছে; সেই দিনাই সকলো শেষ হল। পৰ্বতৰ ওখ টিঙৰ পৰা গভীৰ গুহাত বাগৰি পৰিলে। ৰজাই মোক নিৰ্বাসিত কৰিলে। বুজিলে। বিচাৰ, বুজিলে ন্যায়! বুজিলে। ৰাজ-অনুগ্ৰহৰ ফল। জয়, বিজয়-ৰাজ-অনুগ্ৰহ অনিশ্চিত! ৰক্ৰম--যোৱা এতিয়া ৰদ উঠি আহিল। পলম কৰিলে চিকাৰ নিমিলিব। [ জয় আৰু বিজয়ৰ প্ৰস্থান। ] উস, স্বভাৱৰ শক্তি লুকাই গোৱা কি কঠিন। ছাইৰে আবৰি থকা জুই যেনেকৈ এড়ালি খেৰ বা কুটাৰ আশ্ৰয় পালেই ভমক্‌ কৰে জ্বলি উঠে, ইহঁতৰ স্বভাবে ঠিক তেনে। ইহঁতে নাজানে যে ইহঁত ৰাজপুত্ৰ। তথাপি ইহঁতৰ সাহ বিক্ৰম, কথাবাৰ্তা, অঙ্গী-ভঙ্গী সকলে। ৰজাৰ দৰে। কিৰ কথা কলে, ইহঁতৰ বুকু নাচি উঠে, হৃদয় উৎসাহেৰে পূৰ্ণ হয়। যদিও ভীলৰ দৰে আছে, তথাপি ইহঁতক ৰাজোচিত সকলো বিদ্যাকে শক্তি অনুযায়ী শিক্ষা দিছে।