পৃষ্ঠা:তাৰা.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
তাৰা

ইন্দিৰা ! তুমিয়েই এই গুহাত ইহঁতক নিজৰ সম্ভানৰ দৰে পালন কৰিছিল। এতিয়াও ইহঁতে তোমাৰ সমাধি ঠাই ডোখৰলৈ গৈ ফুল দি কান্দি কান্দি তোমাক পূজা কৰে। [ শিঙা বাজে ] সেয়া শিঙা বাজি উঠিছে-বোধকৰোঁ চিকাৰ পাইছে। যাওঁ সহায় কৰোঁগৈ।

[ প্ৰস্থান।]

চতুৰ্থ দৰ্শন

ৰাজ গাঁওৰ ওচৰৰ এখন হাবি

 [ সামান্য তিৰোতাৰ বেশেৰে, তাৰা আৰু চন্দনৰ প্ৰবেশ। ]

তাৰা— এতিয়া বেলি দুপৰ হল, তথাপি পালিতক দেখা নাপালো। ( চন্দনৰ ফাললৈ চাই) তোৰ কি হৈছে? কিবা অসুখ হল নেকি? মোৰ ফালে চাই ৰলি দেখোন? তোৰ মনৰ ভাব কি ক। [ চন্দনে চিঠি এখনি দিয়ে।] কি সেইখন? কাৰ চিঠি? ভাল বাতৰি যদি মূখ বিকটালি কিয়? যদি ভাল নহয় মুখেৰে ক।

চন্দন— আইদেউ, নিজে পঢ়ি চাওক।

তাৰা— (পঢ়ে) “চন্দন, তোৰ আইদেউ, মোৰ পত্নী তাই ব্যভিচাৰিণী। তাই ভ্ৰষ্টা। যদি তয়ো তাইৰ দৰে মোক পৰিত্যাগ কৰা নাই, তেন্তে ততালিকে তাইক হত্যা কৰিবি, তাৰ চিন স্বৰূপে মোলৈ তাইৰ কাপোৰ এখনি তেজত তিয়াই দি পঠাবি। চাই যেন মোৰ অপমানৰ প্ৰতিশোধ লব পাৰোঁ। ইয়াৰ লগতে পঠিওৱা চিঠিখনে তোৰ কামত সুবিধা দিব। ইতি পালিত।” (পঢ়ি তলমূৰ কৰে।