পৃষ্ঠা:তাৰা.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৫৩
৫৩
তাৰা

৩ eo তাৰা বজাৰ সৈন্যই আহি বান্ধি নিব বুলি ভয়ে ভয়ে হাবি বাহিৰ নোলাও। কটাম? বিজয়--বেতিয়া আপোনাৰ দৰে বুঢ়া হম, চিকাৰ কৰি সময় কটাক নোৱাৰাত পৰিম, তেতিয়ানে কি কথা কৈ আমি সময় শীত কালত যেতিয়া কুৱলীয়ে চাৰিওপিনে আগুৰি ধৰিব তেতিয়ানে কি কথা কৈ আমি সময় কটাম? আমি এই পৰ্বতৰ বাহিৰে একো দেখা নাই। আমি পশুৰ দৰে থাকো। চিকাৰৰ সময়ত আমি শিয়ালৰ দৰে ধূৰ্ত, সিংহৰ দৰে বলী! আমাৰ বাহুবল, আমাৰ বীৰত্ব, আমাৰ সাহ, বনৰীং জন্তু চিকাৰ কৰাতকৈ আন ভাল কামত নালাগে। সজাৰ মাজত বন্দী কৰি থোৱা চৰাইৰ দৰে আমিও সদায় এই গৰত দিন নিয়াও। বক্ৰম - বোপাহঁত, তোমালোকৰ কথা শুনি বৰ আচৰিত হলো। যদি তোমালোকে এবাৰ ৰাজধানীৰ ছল চক্ৰান্ত প্ৰত্যক্ষ কৰিলা- হেঁতেন তেনেহলে আৰু নিউঁন হাবি এৰি তালৈ যাবলৈ ইচ্ছা নকৰিলাহেতেন। যুদ্ধ! কি ভীষণ! এজন ৰজাৰ গৌৰৱ আৰু বিজয় লাৰ অগ্নিত ক’ত সহস্ৰ সহস্ৰ প্ৰাণীয়ে নিজৰ জীৱন আহুতি দিয়ে তাক চাই কি সুখ পাবা? এজন। মনৰ কামনা পূৰণ কৰিবৰ নিমিত্তে কিমান মানুহে হিংস্ৰ জ. ভুতকৈও ভীষণ হৈ ইজনে সিজনক কেনেকৈ কুৰ মেকুৰীৰ দৰে হত্যা কৰে। এনে পাশৱিক দৃশ্য চাবলৈ ইমান হেপাহ কৰা কিয়? এজনৰ ৰাজ্য বিস্তাৰৰ কামনাৰ বাবেই দিনে দিনে যে কত নিৰ্দোষী লৰা ছোৱালী পিতৃ-মাতৃহীন, নিঃসহায় ৈ কান্দি কাশি ফুৰে, কত সতী তিৰোতাই স্বামীপুত্ৰহীনা হৈ ৪