পৃষ্ঠা:তাৰা.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬
তাৰা


 নিশ্চয় তোমাক বৰণ কৰিব। সদায় তেওঁক সন্তুষ্ট ৰাখিবা তোমাৰ ওপৰত খং কৰিলেও তুমি খং কৰা যেন নেদেখুৱাব।

[ দূতৰ প্ৰবেশ।]

দৃত-মহাৰাজ! মোগল সম্ৰাটৰ দূত ৰামসিংহ ৰাজসভাত উপস্থিত হৈছেহি। মন্ত্ৰীয়ে আপোনাক সংবাদ দিবলৈ পঠাইছে।

ৰজা- এওঁক মই ভালকৈ চিনি পাওঁ। এওঁ ডাঙৰ বংশৰ, বিশেষতঃ সেল সম্ৰাটৰ দূত। এওঁৰ লগত আমি মোগল বাদশ্যাহৰ মৰ্য্যদা অনুসৰি ব্যৱহাৰ কৰিব লাগিব। ৰঘুপতি, তাৰাৰ লগত দেখা হলেই তুমি ৰাজসভালৈ আহিবা। মই তোমাৰ ওপৰত তেওঁৰ শুশ্ৰূষাৰ ভাৰ দিলো॥ এনে গুৰু ভাৰ আনৰ হাতত দি নিশ্চিন্ত হব নোৱাৰিম। আহা ৰাণী। [ ৰজা, ৰণী আৰু দূতৰ প্ৰস্থান।]

ৰঘু---তাৰা যদি উঠিছে মই তেওঁৰ লগত কথা হম। যদি নাই উঠা তেনেহলে বাৰু বিছনাত শুই শুই সপোনকে দেখক, ময়ো অলপ ইয়াতে থাকো। এও মোক যেনে ঘিণ কৰে কিজানি, নাহেহ। বাৰু এওঁৰ কোনোবা লিগিৰীক অলপ ভেটি-ভুটাদি কিবা উপায় কৰিব পাৰোঁনে নোৱাৰোঁ। চাওঁ। টকাইনো কি কৰিব নোৱাৰে। ইয়াৰ শক্তিতো কম নহয়। ইয়াৰ লোভত বহুত ডাঙৰ মানুহেও কৰ্ত্তব্য পাহৰে, সামান্য লিগিৰীৰ কথা কি? বাৰু এওঁৰ লিগিৰী জনীকে মাতো॥ ( দুৱাৰত চপৰিয়াই) লিগিৰী! লিগিৰী!

[ লিগিৰীৰ প্ৰবেশ॥]

লিগি--কোন তুমি?

ৰঘু--লিগিৰী, চিনি পোৱা নাইনে? মই ৰঘুপতি।