পৃষ্ঠা:তাৰা.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
২৮
২৮
তাৰা

১৮ তাৰ আহিছে। পালিতক পুতৌ কৰে। কাৰণ সি হতভাগাই আপোনাৰ দৰে ৰূপে গুণে অনুপমা তিৰোতাৰ স্বামী হৈও কাউৰীৰ দৰে কুৎসিং দুশ্চৰিত্ৰা বেশ্যাৰ প্ৰণয়ত মুগ্ধ। আপে- নাকে। পুতৌ কষ্টে—কাৰণ আপুনি জানি শুনিও সেই চৰিত্ৰহীন স্বামীৰ আনুগত। আপোনাৰ নাই কি? ৰূপ, বৌৱন, ধন মান সকলে। আপোনাৰ হাতৰ মুঠিত। যেতিয়াই ইচ্ছা আপোনাৰ মনোবাঞ্ছা পূৰণ কৰিব পাৰে। তেনেকুৱা স্বামীৰ ওপৰত প্ৰতিশোধ লওক। কিয় এনে অমুল্য যৌৱন এনেয়ে দলিয়াই পেলাব? সময় থাকোতেই উপভোগ কৰক। আনন্দিত মনে মই আপোনাক প্ৰতিশোধ লোৱাত সহায় কৰিম। তাৰা--আপুনি' কি কৈছে? যদিওবা মোৰ মহান স্বামীৰ ইমান অধঃপতন হৈছে তথাপি তেওঁ মোৰ স্বামী—মই তেওঁৰ দাসী। দাসী হৈ স্বামীৰ ওপৰত কি উপায়ে প্ৰতিশোধ ল’ম। দিলীৰ -- --শুনা তেন্তে সুন্দৰী। তোমাৰ স্বামী যেতিয়া তোমাক পাহৰি ঘৃনিত বেশ্যাত অনুৰক্ত হৈছে, তুমি কিয় তেওঁৰ অনুগত থাকিবা? প্ৰকৃতি যৌৱন উপভোগ কৰিবলৈ দিছে, দলিয়াই পেলাব দিয়া নাই। নৌৱন শেষ হলে বৃদ্ধ কালত উপভোগ শক্তি নাথাকিব। কিয় তোমাৰ এই গোলাপ ফুলৰ দৰে সুকোমল জীবন বৃথাই নষ্ট কৰিব!। আহা সুন্দৰী, আলিঙ্গন দিয়া : এই উপায়েৰে তোমাৰ স্বামীৰ ওপৰতো প্ৰতিশোধ লবা, নিজৰ ৰূপ ৰাশিৰে। সদ্ব্যৱহাৰ কৰিবা, লগে লগে অপদাৰ্থ এই প্ৰাণীকে। কৃতাৰ্থ কৰিব। তাৰ-দূৰ হ নৰাধম! দুৰ ই পিশাচ! তোৰ ইমান সাহ। বিধাতা, সি জন্মত অভাগিনীয়ে কি পাপ কৰিছিল যে, তাৰ