পৃষ্ঠা:তাৰা.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
২৭
২৭
তাৰা

তাৰ তাহানোৰ গা ভাল? দিলীৰ----চন্দন! মোৰ ঘৰলৈ গৈ মোৰ লগুৱাটোক লৈ আহাগৈ। সি নতুন মানুহ, একোকে নাজানে। [ চন্দনৰ প্ৰস্থান তাৰ আপুনি আহোতে পালিতক সুখী দেখিছিল নে? দিলীৰ-বৰ সুখী। তাত থকা সকলো বিদেশী মানুহতকৈ তেৱেই বেছি সুখী। তাৰা-- কিন্তু ইয়াত হলে তেওঁ সদায় মন মাৰি আছিল। দিলাৰ-কিনো কম, বাৰু শুনক। তাত তেওঁৰ এজন বিদেশী সঙ্গ আছে। তেওঁ সদায় তেওঁৰ পত্নীৰ কথা ভাবি ভাবি থাকে। তেওঁৰ তেনে অৱস্থা দেখি পালিতে হাঁহি হাঁহি আমাক কয়, “দেখিছানে এওঁ কেনে অদ্ভুত মানুহ। এওঁৰ কথা ভাবিলেই এওঁলৈ মোৰ বৰ পুতৌ হয়। তিৰোতাৰ দুশ্চৰিত্ৰৰ কথা জানি সদায় ঘৈণীয়েকৰ কথা ভাবি ভাবি সকলো সুখ পবিত্যাগ কৰা উচিত নহয়। আমি যথা ইচ্ছা উপভোগ কৰিব পাৰে। তাৰ মোৰ স্বামীয়ে এনে কথা ক বনে? দিলীৰ হয় তেওঁৰ মুখতে এনে কথা শুনে॥ ৰাজকুৰী, স চাক? কবলৈ গলে ইয়ালৈ আহি যদিও মোৰ হৃদয় আশ্চ iৰ পূণ হৈছে তথাপি আনফালে পুতে নকৰি নোৱাৰে॥ তাৰা-- কাকনো পুতৌ কৰে? চিলীৰ---দুজনক। তাৰ:- আপোনাৰ মনৰ কথা ভাঙি কওক। দিলীৰ--সুন্দৰী, আপোনাৰ যদি শুনিবলৈ ইমানেই ইচ্ছা, তেনেহৰে নিশ্চয় কম। কবলৈকে ইমান কষ্ট কৰি ইমানখিনি বাট