পৃষ্ঠা:তাৰা.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
তাৰা

৫ তাৰা যেন মনত ৰাখা। ( পালিতে বা নাযাওঁকৈ গুচি যায়। ( আঠুকাঢ়ি) আই ভবানী! তুমি সকলোৰে অন্তৰ জানা। বদি মই কায়সনবাক্যে তিৰোতাৰ অমূল্য ৰতন সতীত্ব ধৰ্ম্ম ৰক্ষা কৰিছে। তেনেহলে সেই পুণৰ ফলত যেন পালিত সকলো বিপদুৰ পৰা ৰক্ষা কৰা, দাসীৰ এয়ে প্ৰাৰ্থনা। [ ৰজা অজয়হি আৰু ৰাণীৰ প্ৰৱেশ ] অসিংহ-তাৰা, তই অকলে অকলে ইয়াত কি কৰিছ? সখী- হেৰহঁত কত? তাৰ- কি কৰিম পিতা, ইয়াতে অকলে আছে। বক্তা- তামাৰ কথাৰ উত্তৰ কি? ৰঘুপতিক বিয়া কৰাবলৈ সন্মত তাছনে? তাৰ পিতা, এনে পাপ ক থা নকব। বি মহাত্মাৰ চৰণত মনে মনে প্ৰাণ সমৰ্পণ কৰিছো, তেওঁক এৰি অ ন এজনক বৰিলে জানো দ্বিচাৰিণী নহম? এনে পাপ কথা কিয় কয় পিতা? ৰজ:-- এতিয়াও কথা শুন। ৰঘুপতিক স্বামী বৰণ কৰ, নহলে তোৰ নিস্তাৰ নাই। ( হাঁহি) তোৰ সেই মহাত্মাক যদি কালি পুৱা মোৰ ৰাজ্যত দেখা পাওঁ তেনেহলে নিশ্চয় তাৰ প্ৰাণ দণ্ড! তাৰা-( তলমূৰ কৰি) পতিনিন্দা নকৰিব। আপুনি, পিতা, আপুনি ৰজা, আপুনি গুক, মোক যি ইচ্ছা কৰিব পাৰে, কিন্তু মোক পাপত পেলাবৰ অধিকাৰ আপোনাৰ নাই। পালিতৰ নিৰ্বাসন অপোনাৰেই ৰাজঅনুগ্ৰহৰ চিন। ৰজা- কথা শুন, সেই বাটৰ. ভিকহুৰ কথা ভাবি থাকিলে তোৰ মঙ্গল নহব।