পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
অসমৰ পেড়া-কাকত।

পোৱা গৈছে। এই কাকতবোৰৰ দুয়ো পিঠিতে লিখা হৈছিল আৰু কাপোৰ-জপাদি জাপিথোৱা হৈছিল। জমাবন্দিথকা পেড়া-কাকতত ৰজাৰ নাম নাইবা বৰফুকনৰ নাম সাধাৰণতঃ নাথাকে। এই বিধ পেড়া-কাকতত কোন মৌজাত, কি গাৱঁত, কি হদৰ ভিতৰত, কিমান মাটি কাৰ নামত আছে তাৰ হিছাপ পুৰা, কঠা, লোচা বা পোৱাত লিখা থাকে। যেনে—

শ্ৰীৰাম
শন ১১৫৪
পুঃ নাম বৰভাগ

 

মাটিৰ পেড়াকাকত

 

মৌঃ * * *
জোখৰ মাটি⸺ ৪১৯॥০
* * পৰগাৰ ওপৰ
বৰভাগত দিয়া⸺ 
 ⸻⸻
 থাকিল⸺৪১৩॥০