পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
তত্ত্ব আৰু তথ্য।
সোণধনক দিয়া—
বোন গাঞত দিয়া— ১৩॥৹
থাকিল— ৩৮৪॥৹

 মাটিৰ জমাবন্দি বাদেও মাটি মানুহ বিষয়ক বিচাৰ আদিৰ সিদ্ধান্তও পেড়া-কাকতত লিখা হৈছিল যেনে:—
 “স্বস্তি শ্ৰীবিষ্ণুচৰণাম্বুজ * * ৺কমলেশ্বৰ সিংহ ভূপো * * *
 কামৰূপ দেশৰ বড়ুয়া ও বড়কায়স্থ ও চৌধাৰী ও পটোৱাৰী ও তালুকদাৰ ও ঠাকুৰিয়া ওগায়ৰহ সকলেও সাৱধানে জানিব পূৰ্ব্বে বঙ্গলা আমোলত চুলতান গেয়াচদ্দিন বলবন্ত মৃত্যু হোৱা থান হাজোৰ গৰুড়াচল পৰ্ব্বতৰ ওপৰে পাওঁ মোকা মৰ্চ্চিদত এবং বজোৱাত চাহজাহান পুত্ৰ মহম্মদ চুজায়ে ফতিহা কৰি থাকিবৰ জন্যে দি জোৱা মাটি মানুহ আৰু আচামি আমোল হলত সন্দিকৈ বৰফুকনে পৰে দৰঙ্গিৰজাই দি যোৱা মাটি মানুহ এই সকলোবোৰত অলি বন্ধ হৈছে যে শ্ৰীশ্ৰীকমলেশ্বৰ সিংহে শুনি ৰাজমন্ত্ৰি শ্ৰীবুড়াগোহাঞি ডাঙ্গৰীয়াক বাহবৰিয়া ৰুদ্ৰকটকীক পঠাই বড়ফুকনত আজ্ঞা কোৰাই ফুকনৰে সজাতি কটকীএ মোকালৈকে গৈ মাটি মানুহ বুজ বিচাৰ