পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
তত্ত্ব আৰু তথ্য।

২ খন, আৰু চন্দ্ৰকান্তসিংহৰ ১ খন। এই তামৰ ফলিবোৰ আগেয়ে আঁচ পাৰি লোৱা হয় আৰু তাৰ পিছতহে কথাবোৰ লিখা হৈছিল।

অসমৰ পেড়া-কাকত।

 পেড়া-কাকত অৰ্থে অসম বজাৰ দিনত মানুহ আৰু মাটিৰ লেখৰ কাকতক বুজায়। এই কাকত পেৰাত ভৰাই যতনেবে ৰখা হৈছিল বুলি ইয়াৰ নাম পেড়া-কাকত হৈছে। পেড়া-কাকতবোৰো বুৰঞ্জীব প্ৰধান সম্বল। স্বৰ্গদেৱ শিৱসিংহৰ দিনত কামৰূপ আৰু বকটাত মাটি পিয়ল হয়। এই মানুহ আৰু মাটিৰ হিছাপ কাকতত লিখি পেৰাত যত্নকৈ থোৱা প্ৰথা তেতিয়াৰ পৰাহে প্ৰচলিত হল। যদিও এইজনা স্বৰ্গদেৱৰ আগেয়ে মাটি আৰু মানুহৰ পিয়ল হৈছিল তথাপি ‘পেড়া-কাকত’ বুলি মাটিৰ জমাবন্দি থকা সুকীয়া কাগজ-পত্ৰৰ কোনো সম্ভেদ পোৱা নাযায়। পেড়া-কাকত ঘাইকৈ তুলাপাতত লিখা হৈছিল। কোনো ঠাইত সাঁচিপাতত লিখা পেড়া-কাকতো