পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
অসমৰ তামৰ ফলি।

পত্ৰমিদং শিবায়বিদধে প্ৰাগদত্তজিৰ্ণ্ণোবৃবতং স্বস্তি শ্ৰীশিবসিংহ স্বৰ্গনৃপৰিবাদেশক্তেয় জবন মন্ত্ৰি শ্ৰীতৰুণ * * * দুৱৰাবংশোবৃহৎ ফুক্কন—

 কামৰূপদেশ বড়ুয়া বড়কায়স্থ ও চৌধাৰি পাটোয়াৰি ও তালুকদাৰ ও ঠাকুৰীয়া সকলো সাবহিতে জানিব বড়বংগেশ্বৰ পৰগনাৰ মজালি তালুক বঙ্গনগৰ গ্ৰামৰ চত্তহ্‌হৰ্দে সাবশেষ জলজমি আদানি কৰি পূৰ্ব্বে ৺ৰ দেব পূজাৰ্থে ৺৴ দিয়া ১৬০১ শকত বুড়জনা ৺৴ দিয়া মাটি ১৩০ পুৰা এই মাটি খেত্ৰিত ১৭ ভিতৰ খনা তালুকদাৰৰ বড়মোগ গ্ৰামত ৪৩ সীমানী নাপাইছিল কাৰণে এই মাটিব খল মুৰলী উবাৰ দলনি ৪০ বংঙ্গেশ্বৰত ২০ মাজেৰ দলত উবাৰ ১০ সৰুবঙ্গেশ্বৰত পাইক ২॥ পোয়া সহিতে দিছে। আৰু ৺৴ চাৰিহদৰ ভিতৰত যি ব্ৰহ্মত্তৰ আছে বৎসৰি দৌল যাত্ৰাত নৈবেদ্য কাৰণ দিব জি সত্ৰ পাতি মেধি ভকত আছে তাৰাও তিথি-পৰ্ব্বে গীত-বাদ্যাদি কৰিব ৺ৰ নিৰ্ম্মালিৰ লৈ থাকিব। দুয়োজনা ৺৴ দিয়া এইৰূপ দত্তপ্ৰমাণ পত্ৰজ্জিৰ্ণ্ণ হৈল কাৰণ, এখন তাম্ৰপত্ৰকৈ দিয়া গল পূৰ্ব্ববতে ইহসকলৰও চকি হাটৰ দান খুট কৰ কটল পদপঞ্চক চোৰ চিনলা ধুমচি মাৰচ। যবক্ষৰাদি সৰ্ব্ববাব পৰিত্যাগ কৰি নিয়া গল ইহাত অন্যথা আচৰিলে সৰ্ব্বতো ভ্ৰষ্ট হৈবেক ইতি। শক ১৬৪৫ তাৰিখ ৯ চৈত্ৰ।