সমললৈ যাওক

পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
তত্ত্ব আৰু তথ্য৷

(৪) গঠিয়া জমুৰ (৫) কেচাই (৬) পহলঙ্গি (৭) পাথৰ কলাই। শেহৰ দুবিধ সাধাৰণ হিলৈ মাথোন। কিন্তু আগৰ কেইবিধ হলে বৰতোপ। হিলৈৰ প্ৰচলন আৰু হিলৈৰ খাৰৰ ব্যৱহাৰ অসমত কেতিয়াৰ পৰা কেনেকৈ হ’ল এই বিষয় বহুতৰে মনত খেলাই থাকে। হিলৈ আৰু খাৰ আদিতে অসমীয়া সকলে আবিষ্কাৰ কৰা বুলি বহুতৰ অনুমান হয়। আজিও অসমৰ গাঁৱে গাঁৱে নিজ হাতে কৰা খাৰৰ প্ৰচলন বিয়াই-সবাহে হৈ আছে। এই বিষয় ডক্তৰ টাভাৰ্ণিয়াৰ চাহাবে তেখেতৰ ভাৰত ভ্ৰমণ কিতাপত ইংৰাজীত এই দৰে লিখিছে। “হিলৈ আৰু হিলৈৰ খাৰৰ আবিষ্কাৰ আদিতে আসামতে হৈছিল বুলি ভবা যায়। আসামৰ পৰা এই আবিষ্কাৰ পেগুলৈ যায়, পেগুৰ পৰা চীনদেশ পায়গৈ। এতিয়া চীনকহে খাৰ বাৰুজৰ আবিষ্কাৰক বোলা যায়। এইটো নিশ্চয় যে মিৰজুমলাই যিবোৰ লোৰ হিলৈ আৰু খাৰ লগতকৈ এই দেশৰ পৰা লৈ গৈছিল সেইবোৰ অসমতে প্ৰস্তুত হোৱা বস্তুহে আছিল। খাৰবোৰ মিহি আৰু আজি কালিৰ খাৰৰ দৰে বলী আছিল।”

 আগেয়ে অসমত বৰতোপবোৰত লোৰ গুলিতকৈ শিলৰ গুলিহে বেচিকৈ ব্যৱহাৰ হৈছিল। আজিও কাজলী মুখত শিলৰ গুলি দ’ম হৈ পৰি থকা দেখি-