পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
অসমৰ পুৰণি বৰতোপ৷

গাৰ বেৰ ১৫ ইঃ আৰু ভিতৰৰ চুঙ্গাৰ বেৰ ৬ ইঃ। এই বৰতোপটোৰ গাতো আগৰ দুটীৰ দৰে মহাৰাজ গদাধৰসিংহে যবনক জয় কৰি এই অস্ত্ৰ পালে বুলি লিখা আছে। কিন্তু গাত যিখিনি পাৰস্য ভাষাত কথা লিখা আছে তাক পঢ়িব পৰা হোৱা নাই।

(১০) ১০৩৩ হিজৰী অব্দৰ বৰতোপ।

 এই বৰতোপটো গুৱাহাটীৰ চিভিল চাৰ্জ্জনৰ বঙলাৰ আগত আছে। ই দীঘলে ৭ ফুঃ ৬ ইঃ। ইয়াৰ গাৰ বেৰ ৭ ইঃ। বৰতোপটো লোৰ। ইয়াৰ গাত এচটা পিতলত পাৰস্য ভাষাত কেতখিনি কথা লিখা আছে। আখৰবোৰ অস্পষ্ট হৈ গৈছে। কেৱল “আচাম” আৰু “দহশদ্ চিত্তচেহ হিজৰী” মাতিব পৰা হৈছে। “দহশদ চিত্তচেহ্” অৰ্থে ১০৩৪ হিজৰীক বুজায়।

 গুৱাহাটীৰ শিল পুখুৰীৰ পাৰত থকা এটা বৰ- তোপৰ গাত কেতবোেৰ কথা সংস্কৃতত লিখা আছে। আখৰবোৰ তেনেই অস্পষ্ট। শিৱসাগৰত এটা প্ৰকাণ্ড বৰতোপ পৰি আছে। এনেকৈ গোটেই খন দেশত অলেখ বৰতোপ পৰি আছে। অকল গুৱাহাটীতে সৰু বৰ, প্ৰায় পঞ্চাশতকৈ বেচি আছে।

 শৰাই ঘাটৰ যুদ্ধৰ প্ৰবন্ধত সাতবিধ হিলৈৰ উল্লেখ আছে। (১) কামায়ণ (২) টোৱা (৩) জমূৰ