পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
অসমৰ শিলৰ ফলি৷

বলৈ পোৱা যায়। বৰতোপ সজোৱা লোবোৰ বৰ উত্তম আছিল। আজি ৪।৫ শ বছৰ বাহিৰত ৰ’দ বতা- হত, বৰষুণত, পানীৰ তলত পৰি থাকিও বৰতোপবোৰ ক্ষয় হৈ যোৱা নাই। এই সকলোেবোৰ বিষয়ৰ সম্ভেদ অতি আৱশ্যকীয়।


অসমৰ শিলৰ ফলি।

ফলি সংস্কৃত ‘ফলক’ শব্দৰপৰা ওলোৱা, ‘ফলক’ অৰ্থে কাঠৰ পাট; গতিকে শিলৰ ফলি বুলিলে বুজিব লাগিব চেপেটা শিলত লিখা কথা। ইয়াত বাজেও ‘তামৰ ফলি' আৰু “কাঠৰ ফলি” শব্দ আমি ব্যৱহাৰ কৰোঁ। পুৰণি চামৰ মানুহৰ ঘৰত৷ ‘ফলি মোহৰ’ আছে। ফলি শব্দৰ পৰিবৰ্ত্তে কেতিয়াবা ‘গদ্য’ শব্দও ব্যৱহাৰ হয়। “গদ্য” অৰ্থে ‘পদ্য'ৰ ওলোটা নুবুজায়। ফলিত লিখা কথা পদ হলেও বা নহলেও ‘গদ্য’ বোলা যায়।

 অসমৰ শিলৰ ফলিবোৰক দুই ভাগে ভগাব পাৰি৷ যেনে মন্দিৰৰ গাৰ শিলৰ ফলি আৰু বিবিধ ঠাইৰ শিলৰ ফলি। আকৌ কাল নিৰূপণ হিচাপে