পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
অসমৰ পুৰণি বৰতোপ।

লিখা আছে। কেৱলমাত্ৰ শক ১৫৯০ (শাকে ১৫৯০) বুলি বেলেগ আছে।

 এই বৰতোপটোৰ গাত আকৌ পাৰস্য ভাষাত এই দৰে লিখা আছে।

 “তাজ বাবাত্ ই ফাথি আই আসাম দাৰ ইহিতমান চয়দ আহমদ আল হুচেন আৰ্জডাডা চাদ ডাৱ চিন ১০৭৪ হিজৰী মাফিক্ চিন।”

 অৰ্থাৎ এই বৰতোপটো আসাম জয় কৰিবৰ নিমিত্তে চয়দ্ আহ্মদ আল হুচেইনৰ জিম্মাত ৰখা গল। ১০৭৪ হিজৰী।

(৪) ১৫৯৪ শকৰ বৰতোপ।

 এই বৰতোপটো আগেয়ে গুৱাহাটীৰ পুৰণি ডাক- বঙলাত আছিল। এতিয়া কৰ্জ্জন হলৰ পূবব ফালৰ দুৱাৰ মুখৰ পিনে ইটাৰ থুমত আওজাই থোৱা আছে! ই দীঘলে ১০ ফুঃ ৬ ইঃ। ইয়াৰ গাৰ বেৰ ৭ ফুঃ আৰু ভিতৰৰ চুঙ্গাৰ বেৰ ১০ ইঃ। ইয়াৰ গাত এইদৰে লিখা আছে :-

 “শ্ৰীশ্ৰীস্বৰ্গনাৰায়ণদেৱ সৌমাৰেশ্বৰ উদয়াদিত্য সিংহস্য শাকে ১৫৯৪ শ্ৰীনিত্যানন্দ চোলাধৰা বৰুৱায়ে গাইব চমুৱা, কচুদলৈ, মূৰলী, চিদাম, পুনা, মথুৰা, ৰামধন, কৃষ্ণাই এয়ি সত ওঝা।”