পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
তত্ত্ব আৰু তথ্য৷

 “শ্ৰীশ্ৰীস্বৰ্গদেৱ জয়ধ্বজসিংহ মহাৰাজেন জবনং
.......ইদম্ যন্ত্ৰম্ প্ৰাপ্তম্ শাকে.......৮০।”

 অৰ্থাৎ শ্ৰীশ্ৰীস্বৰ্গদেৱ জয়ধ্বজসিংহ মহাৰাজে যবনক জয় কৰি এই যন্ত্ৰটি পালে। কত যন্ত্ৰটি পোৱা গল সেই বিষয়ে পাঠ উদ্ধাৰ হোৱা নাই। আৰু শকৰ আগৰ অঙ্ক দুটা গেইট চাহাবে অনুমানত ধৰি ১৫৮০ শক বুলি ঠাৱৰ কৰিছে।

(২) ১৫৮৯ শকৰ বৰতোপ।

 এই বৰতোপটো নগাঁৱত চাহ খেতিয়ক মিঃ উড্ চাহাবৰ হাতত আছে। ইয়াৰ গাত এইদৰে লিখা আছেঃ-

 শ্ৰীশ্ৰীস্বৰ্গনাৰায়ণ দেৱ মহাৰাজাধিৰাজ চক্ৰধ্বজ- সিহেন জয়লব্ধস্ত সংগ্ৰামে জবনং ক্ষয়ে পুনঃ প্ৰাপ্তমস্ত্ৰমিদম্ ভূপযশৰিহননম্ ধ্ৰুবম্ শাকে ১৫৮৯।

 অৰ্থাৎ শ্ৰী শ্ৰীস্বৰ্গনাৰায়ণদেৱ মহাৰাজাধিৰাজ চক্ৰধ্বজসিংহই যবনক যুদ্ধত পুনৰৰ্ব্বাৰ জয় কৰি এই অস্ত্ৰ পালে। তেওঁ শত্ৰুধ্বংসকাৰী বুলি কীৰ্ত্তিমান শক ১৫৮৯।

(৩) ১৫৯০ শকৰ বৰতোপ।

 এই ডাঙ্গৰ বৰতোপটো ডিকমত পোৱা গৈছে। ওপৰৰ বৰতোপৰ দৰে ইয়াৰ গাতো একেদৰেই সংস্কৃতত