পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
তত্ত্ব আৰু তথ্য ৷

 অৰ্থাৎ শ্ৰীশ্ৰীস্বৰ্গনাৰায়ণদেৱ সৌমাৰেশ্বৰ উদয়াদিত্য সিংহৰ ৰাজত্ব কালত, শক ১৫৯৪, শ্ৰীনিত্যানন্দ চোলাধৰা বৰুৱাৰ তত্ত্বাবধানত চমুৱা কচুদলৈ, মূৰলী, চিদাম, পুনা, মথুৰা, ৰামধন, কৃষ্ণাই এই সাতোটা ওঝাই এই বৰতোপটো নিৰ্ম্মাণ কৰিলে।

(৫) ১৫৯৯ শকৰ বৰতোপ।

 এই বৰতোপটো পোৱাৰ বিষয় বৰ ৰহস্যময়। ১৯১১ চনত গোৱালণ্ডত এটা বৰ ডাঙ্গৰ ধুমুহা হয়। সেই ধুমুহাত গোৱালণ্ডঘাটত থকা কেইবাখনো জাহাজ ভাগি চিগি পানীত ডুবি যায়। ধুমুহা নিবৃত্তি হোৱাৰ বহুদিন পিছত যেতিয়া জাহাজবিলাক পানীৰ পৰা তোলা হয় তেতিয়া কোনো এখন জাহাজৰ তলিত এই বৰতোপটো পোৱা গল। ধুমুহাৰ কোবত পানীৰ তল-ওপৰ লাগোতে কিবা প্ৰকাৰে বোধকৰো এই বৰ- তোপটো জাহাজত সোমায়। ষ্টিমাৰ কোম্পানীয়ে এনে এটি বস্তু পাই দেখিলে যে ইয়াৰ গাত কেতবোৰ কথা লিখা আছে। তেওঁলোকে তাক যত্ন কৰিও পঢ়িব নোৱাৰিলে। আৰু পঢ়িলেও অৰ্থ কৰি একো সম্ভেদ উলিয়াব নোৱাৰিলে। বহুত যত্নৰ পিছত ইয়াক অসমৰ সম্পদ বুলি জনা গল। আৰু তেতিয়া জাহাজ কোম্পা- নীয়ে অসম গবৰ্ণমেণ্টক বৰতোপটী দান কৰে। ই