পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
জড়বাদ ৷

শাৰীৰিক অৱস্থা বিনে আন একো নহয় অথবা চৈতন্যা- ৱস্থাবিলাকৰ কাৰণ হৈছে শাৰীৰিক অৱস্থা। সমালো- চকে কয় যে এই দুয়ো মতকে আমি ধৰিব নোৱাৰোঁ৷ চৈতন্যাৱস্থা আৰু শাৰীৰিক অৱস্থাৰ মাজত সম্পূৰ্ণ ঐক্যতা থাকিব পাবে কিন্তু সেই বুলি তাত স্বৰূপতা নাই। ঐক্যতা স্বৰূপতা নহয়। ৰেল এখন চলিবলৈ ধৰাত তাৰ ছাঁটোও চলিবলৈ ধৰে। ৰেল আৰু ছাঁৰ মাজত ঐক্যতা আছে কিন্তু সেই বুলি তাত স্বৰূপতা নাই অৰ্থাৎ ছাঁটো ৰেল নহয়। সেই দৰে চৈতন্যাৱস্থাবিলাক শাৰীৰিক অৱস্থা নহয়।

 দ্বিতীয় কথাটি অৰ্থাৎ চৈতন্যাৱস্থাবিলাকৰ কাৰণ যে শাৰীৰিক অৱস্থা বোলা হৈছে সিও নহয়। শাৰী- ৰিক অৱস্থাবোৰ এটা মাথো অৱস্থা, তাৰ কাৰণ নহয়। অৱস্থা আৰু কাৰণৰ মাজত ডাঙ্গৰ প্ৰভেদ। আকৌ যদি আমি চৈতন্যাৱস্থাক শাৰীৰিক অৱস্থাৰ ফলাফল বুলি ধৰি লওঁ তেন্তে শক্তিৰ ব্যয়শূন্যতা মতৰ বিপৰীতে যায়। ইত্যাদি ৰকমে জড়বাদৰ আমি প্ৰতি- বাদ পাওঁ। আৰু সত্যতা যে জড় তাক প্ৰমাণ নকৰি ভূতবাদীসকলে কয় যে সত্যতা জড় নহয়, সত্যতা এটা প্ৰাণ বা জীৱনী শক্তি। ভূতবাদীসকলৰ এই মতকো আকৌ আন এদলে সম্পূৰ্ণ সত্য বুলি নধৰে। হাৰবাৰ্ট স্পেন-