পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
তত্ত্ব আৰু তথ্য ৷

চৰকে মুখ্য কৰি আন এদলে কয় যে সত্যতা অকল জড়ো নহয় বা অকল প্ৰাণো নহয়। সত্যতা অজ্ঞাত আৰু অজ্ঞেয়। জড় আৰু প্ৰাণ সত্যতাৰ দুটা মাথোঁ আকৃতি। এনেকৈ আমি জড়বাদৰ বিপক্ষে আৰু সপক্ষে নানা যুক্তি পাওঁ। সি যিয়েই নহওক সত্যতা বুজাবলৈ যোৱা মতৰ ভিতৰত জড়বাদো এটি প্ৰধান মত।