পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
তত্ত্ব আৰু তথ্য ৷

মগজুৰ ক্ৰমবিকাশ ঘটিল আৰু মানুহ জীৱন-যুদ্ধত টিকি থাকিব পৰা শ্ৰেষ্ঠতম জীৱ হল। এনেকৈ বিজ্ঞানে দেখুৱালে যে অতীতৰ মনুষ্য বা জীৱ জড় বা পদাৰ্থৰ পৰাই উৎপত্তি হৈছে। কেৱল অতীতত নহয় ভবিষ্য- ততো জড় বা পদাৰ্থতে লয় হব। বৈজ্ঞানিকে ভবিষ্যদ্বাণী কৰে যে সূৰ্য্য়ৰ তাপ ক্ৰমাৎ কমি আহিছে আৰু ক্ৰমান্বয়ে এনেকৈ কমি গৈ চেচা হব। আৰু এই চেচা হওঁ-নহওঁতেই পৃথিবী গোট মাৰিব। জন্তু প্ৰাণী সকলো নাশ হব। কিয়নো সূৰ্য্য়ৰ তাপৰ গুণেই পৃথিবীত চেতন জীৱ। শেহত গৈ এই পৃথিবী গতি- বিহীন কঠিন এটা পিণ্ড হবগৈ। ইয়াৰপৰাও দেখা গল যে এই বিশ্বৰ আদিতে জড় বা পদাৰ্থ আৰু অন্ততো জড় বা পদাৰ্থ।

 এই গল জড়বাদৰ যুক্তি। বহুতে কয় যে এই জড়বাদ ধৰ্ম্মবিশ্বাসৰ প্ৰধান প্ৰতিবন্ধক। কিয়নো এফালে কব পাৰি যদি সত্যতা জড় বা পদাৰ্থ হল তেন্তে আধ্যাত্মিক বস্তুলৈ ঠাই নোহোৱা হয় আৰু গতিকে জড়বাদ গৈ নৈতিক অনুষ্ঠানৰো প্ৰতিবন্ধক হয় গৈ। কিন্তু এই বুলিয়েই আমি জড়বাদ উৰাই দিব নোৱাৰোঁ। এই জড়বাদ আকৌ সমালোচনাবিহীনো নহয়। জড়বাদৰ এটা মত এই যে চৈতন্যাৱস্থাবিলাক