পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
জড়বাদ

 বিশ্ববিজ্ঞান পাঠ কৰিলেও আমি জানিব পাৰোঁ যে এনে এক সময় আছিল যেতিয়া পৃথিবীত কোনো ইন্দ্ৰিয়বিশিষ্ট জীৱ নাছিল। গতিকে কি আত্মসম্বন্ধীয় অৱস্থা কি চৈতন্যাৱস্থা একোৱেই নাছিল। আন কি আজিকালি যি পৃথিবী দেখিছো সিয়েই নাছিল।

 যাক আমি আজিকালি জ্যোতিষ্কমণ্ডলী বোলোঁ সি অতি আদিতে কিছুমান তাপৰ পিণ্ড বা নীহাৰিকা-পিণ্ডহে আছিল। এই নীহাৰিকাপিণ্ড ইয়াৰ কক্ষৰ চাৰিওপিনে ঘূৰি ঘূৰি বিষুবৰেখাত ওফন্দি উঠিল। এই ওফন্দি উঠা পিণ্ড অবিৰত ঘূৰণিত কিছুমান গোলাকাৰ পিণ্ড হৈ চাৰিওফালে চিটিকি পৰিল। আৰু এই বিলাকেও সূৰ্য্যকে কেন্দ্ৰ কৰি অনবৰত ঘূৰি জ্যোতিষ্কমণ্ডলী গঠিত কৰিলে। এই জ্যোতিষ্কমণ্ডলীৰ গ্ৰহৰ ভিতৰত পৃথিবীও এটি গ্ৰহ। এই গ্ৰহ আদিতে জুলীয়া, তপত জলৌষথৌ বস্তুৰ পিণ্ড আছিল। এই তপত পিণ্ড শেহত ক্ৰমান্বয়ে চেচা হৈ আহিল আৰু ওপৰত চামনি পাতি টান মাৰিলে। ইয়াত প্ৰথমতে প্ৰটপ্লেজম্ নামে সৰু সৰু প্ৰাণপঙ্কৰ জন্ম হল। আৰু এইবিলাকৰ অভিব্যক্তি হৈ হৈ আহি সৱাৰো শেষত এজাতি জন্তুৰপৰা মানুহ জাতিৰ উদ্ভৱ হল। আৰু এনেকৈ অসংখ্য অনেক বছৰ অতিবাহিত হল, মানুহৰ