পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তত্ত্ব আৰু তথ্য

বিকাশত শ্ৰেষ্ঠ জীৱ আৰু এই বিকাশৰ লগে লগে বুদ্ধিৰ শ্ৰেষ্ঠতা প্ৰকাশ পায়। সভ্যতাৰ বুৰঞ্জীয়েও আমাক দেখুৱায় যে, মগজুৰ উন্নতিতহে সভ্যতাৰ উন্নতি। এতেকে এই সকলোবিলাকে দেখুৱায় যে, মগজুৱেই আচল বস্তু।

 নানা বৈজ্ঞানিক পৰীক্ষা আৰু পৰ্য্যবেক্ষণৰ দ্বাৰা- ইও দেখা গৈছে যে মগজু হানি হলে নানা মানসিক পীড়া ঘটি থাকে। যদি প্ৰাণী জাতিৰ মগজুৰ কোনো খলপ নষ্ট কৰা হয় তেন্তে কিছুমান আত্মসম্বন্ধীয় অৱস্থাও লোপ পায়। যেতিয়া এখুদমান হাৰে মানুহৰ মগজত বিন্ধে আত্মসম্বন্ধীয় অৱস্থাবোৰৰ ইমান পৰিবৰ্ত্তন ঘটে যে সেই মানুহজন সন্দিগ্ধ হয়, কাকো নমতা নোবোলা আৰু উধত হয়। কিন্তু যেতিয়া সেই এখুদ মান হাৰ মগজুৰপৰা আঁতৰ কৰা হয় তেতিয়া মানুহ জন আকৌ পূৰ্ব্বৰ সুস্থ অৱস্থা পায়। বুঢ়া বয়সতো দেখা যায় মগজুৰ হানি হৈ মানুহ ভাল বেয়া বিবেচনা কৰিব নোৱৰা হয়। ব্যবচ্ছেদ প্ৰণালীয়েও বুজাই দিয়ে যে মগজুৰ হানিয়েই নানা পীড়াৰ প্ৰধান কাৰণ। নানা মানসিক পীড়া মগজুৰ পীড়াৰপৰাই ঘটি থাকে। সেই বাৰে অবাধে কব পাৰি যে মগজুৱেই মূল আৰু এই মগজুৱেই জড় বা পদাৰ্থ।